Mayaxona Lyrics : sung by Lakhinandan Lahon. The Assamese song “Mayaxona” lyrics is written by Mrityunjoy Kakati and music produced by Himangshu Buragohain (Sens3i).
- Mayaxona Song Info/Credits :
- Assamese Song : Mayaxona
- Singer : Lakhinandan Lahon
- Music Production : Himangshu Buragohain (Sens3i)
- Lyrics : Mrityunjoy Kakati
Mayaxona Lyrics
সৌ আকাশৰ সিপাৰতে ৰচিছো
মোৰ কল্পনাৰ এমুঠি মিঠা সপোন
তোমাৰে নামতে আজি বেলি তৰা জোন
আকাশতে উজ্বলিছেছোন
আপোন আপোন লগা এটি মিঠা সুৰ
হৃদয়তে নিগৰিছেছোন
ৰিক্ত হিয়াৰে তুমি একাজলী সুখ
সিক্ত ভাৱনাৰে তুমি নাশিলা দুখ
তুমি মন আকাশৰ জোনাকীপৰুৱা
তোমাৰে পৰশত বিষাদো ভাগৰুৱা
এন্ধাৰ আঁতৰাই জগত পোহৰালা
তুমি মায়াসনা!
উৰি উৰি যায় উতনুৱা মোৰ মন
নিমিষতে পাৰ হয় এটি এটি ক্ষণ
উৰি উৰি যায় উতনুৱা মোৰ মন
সৰগী ঠিকনা লৈ
তোমাৰে নামতে আজি বেলি তৰা জোন
আকাশতে উজ্বলিছেছোন
আপোন আপোন লগা এটি মিঠা সুৰ
হৃদয়তে নিগৰিছেছোন
মৌন ভাষাৰে যি ক’ব খোজা আহি তুমি মোক
শব্দহীনতাটো বুজি পালোঁ ক’ব খোজাবোৰ
তুমি মন আকাশৰ এজনী পখিলা
মোৰ প্ৰতিটো সুৰৰেই তুমিয়েই মালিতা
প্ৰেমৰ বাহীৰে জীৱন সজালা
তুমি মায়াসনা
তুমি মায়াসনা
তুমি মায়াসনা
Mayaxona Song Video