Sinaki Xur Lyrics : sung by Nikhil Jyoti Sarma & Bhargav Ojapali. The song is written by Buddha Jyoti Bezbaruah and music by Nikhil Jyoti Sarma & Bhargav Ojapali.
- Sinaki Xur Song Info/Credits :
- Assamese Song : Sinaki Xur
- Singer : Nikhil Jyoti Sarma & Bhargav Ojapali
- Music : Nikhil Jyoti Sarma & Bhargav Ojapali
- Lyrics : Buddha Jyoti Bezbaruah
- Record Label : Sound of Assam Records
Sinaki Xur Lyrics In Assamese
চিনাকী স্মৃতিময় সূঁতিলে
বিচাৰি উভতো তোমাকে
যেতিয়া চুব খুজো সময়
প্ৰতিটো ঋতু যেন তোমাতে
জাকি মাৰি ফুৰা সপোনে
তোমাতেই আজি থমকে
কাষতে ৰ’ লাগি চায়
পাহাৰীয়া মন পক্ষীয়ে
চঞ্চলা নদীৰ ঘাটেৰে
বিচাৰে আজিও তোমাক
সাঁচি ৰখা মনৰ পোহৰ তুমি
স্মৃতিৰ খিৰিকীৰে চাওঁ
এইবেলি মোৰ চোতালভৰি
ফুলিবনে ফুল বহাগৰে
মনৰে সুৰ শুনামে তোক
আহিবি মাজোন কাষৰলে
কহুৱাৰে কাষে কাষে
চিনাকী নৈৰ পাৰে পাৰে
এতিয়াও বিচাৰি পাওঁ
আজিও পৰশ মাথো তোৰে
পুৱতিৰ মিঠা এমুঠি আশাভৰা ৰ’দালি হৈ
নামি অহা দূৰ দেশৰে তুমি হেঁপাহৰে যে নৈ
বাউলী বতাহে ক’লেহি আহি
ফাগুনে দিবহি তোমাৰ চিঠি
তেতিয়া নামিব জোনাকলে জোনাক
আহিব নতুনৰে প্ৰভাত
সাঁচি ৰখা মনৰ পোহৰ তুমি
স্মৃতিৰ খিৰিকীৰে চাওঁ
এইবেলি মোৰ চোতালভৰি
ফুলিবনে ফুল বহাগৰে
মনৰে সুৰ শুনামে তোক
আহিবি মাজোন কাষৰলে
কহুৱাৰে কাষে কাষে
চিনাকী নৈৰ পাৰে পাৰে
এতিয়াও বিচাৰি পাওঁ
আজিও পৰশ মাথো তোৰে
Sinaki Xur Song Video